Home স্থানীয় সংবাদঃ চিনমায়া ফাউণ্ডেচন, অসমৰ উদ্যোগত আৰু ডন বস্কু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ছবি...

চিনমায়া ফাউণ্ডেচন, অসমৰ উদ্যোগত আৰু ডন বস্কু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ছবি আৰু কবিতা প্ৰতিযোগিতা

প্ৰতিযোগিতাৰ ফলাফল: গ্ৰুপ এ-প্ৰথম: দেৱাঙ্গনী কোঁৱৰ, দ্বিতীয়: উদয়তেজ হাজৰিকা, তৃতীয়: শিৱাঞ্চী গগৈ গ্ৰুপ বি:প্ৰথম: দিব্যাংশ বিকাশ উপাধ্যায়, দ্বিতীয়: কাব্যনন্দিনী গা্ৰ্গ, তৃতীয়: কৃশৱ ৰক্তিম গগৈ

0

‌ চিনমায়া ফাউণ্ডেচন, অসমৰ উদ্যোগত আৰু ডন বস্কু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত এখনি ছবি আৰু কবিতা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। মানৱ শান্তি আৰু সমন্বয়ৰ প্ৰসাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উক্ত প্ৰতিযোগিতাত এল.এফ.এছ. DBS , LFS, SBS, JVP, Little Buds আদি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক ফাদাৰ শিলাানন্দ কেৰকেট্টা, শিক্ষক জেনচন ডিয়াছ, ব্ৰাদাৰ বালন প্ৰেমকুমাৰ, বিশিষ্ট অতিথি ড° চুলতানা হাজৰিকা আৰু বিচাৰক মমনি শৰ্মা, মিতু গোস্বামী আৰু ৰাহুল দাসক ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰাজশ্ৰী সেনাপতি গগৈ তথা ফাউণ্ডেশ্যনৰ সমন্বয়কসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত প্ৰধান শিক্ষক ফাদাৰ শিলাানন্দ কেৰকেট্টা, অতিথি ড° চুলতানা হাজৰিকা আৰু এম্বেছাডৰ ৰাজশ্ৰী সেনাপতি গগৈয়ে ছাত্ৰ ছাত্ৰীসকলক আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পিছতে শ্ৰীমতী চন্দনা শৰ্মাই বাইলিন (Violin) বাদনেৰে পৰিৱেশটি এক নান্দনিক ৰূপ দিয়ে।


অনুষ্ঠানত চিন্ময় ফাউণ্ডেশ্যন, অসমৰ এম্বেছাদৰ, সভানেত্ৰী তথা আহ্বায়ক ৰাজশ্ৰী সেনাপতি গগৈৰ লগতে সমন্বয়ক ৰেখা জ্যোতি মোহন, বিপ্লৱী দধুমীয়া, প্ৰদীপ গগৈ, ৰূপমণি গগৈ, অভিনীৎ ৰাজ গগৈ, বিপ্লৱ দাস প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থাকে। কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰক হিচাপে শ্ৰীযুতা
মমনি শৰ্মা আৰু মিতু গোস্বামী আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ৰাহুল গগৈয়ে বিচাৰকৰ দায়িত্ব পালন কৰে। প্ৰতিযোগিতাৰ ফলাফল: গ্ৰুপ এ-প্ৰথম: দেৱাঙ্গনী কোঁৱৰ, দ্বিতীয়: উদয়তেজ হাজৰিকা, তৃতীয়: শিৱাঞ্চী গগৈ গ্ৰুপ বি:প্ৰথম: দিব্যাংশ বিকাশ উপাধ্যায়, দ্বিতীয়: কাব্যনন্দিনী গা্ৰ্গ, তৃতীয়: কৃশৱ ৰক্তিম গগৈ । চিত্ৰাংকন প্ৰতিযোগিতা: গ্ৰুপ এ (ক ভাগ): প্ৰথম: ফাৰহান ৱাচিৰ, দ্বিতীয়: হৃদয় উজ্জল কাশ্যপ, তৃতীয়: য়াহানা ৰহমান গ্ৰুপ বি (খ ভাগ): প্ৰথম: আৰান্দিতা জি.এচ বৰশইকীয়া, দ্বিতীয়: পুনম সোণোৱাল তৃতীয়: ছাকিবা হাচিন । সমন্বয় আৰু সহযোগিতাক শলাগ লৈ অধ্যক্ষগৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ মাজেৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘটে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version