# গুৱাহাটী জ্যোতি চিত্ৰবনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত ষষ্ঠ বাৰ্ষিক সংস্কৃতি দিৱস পালন
# বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান ও সম্বৰ্ধনা।
■ জনকল্যাণ বাৰ্তা, খগেশ্বৰ দাস, হাওৰাঘাট, ১ আগষ্টঃ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ সোঁৱৰণত আজি কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত “ষষ্ঠ বাৰ্ষিক সংস্কৃতি দিৱস” অতি আড়ম্বৰপূৰ্ণভাৱে উলহ-মালহে পালন কৰা হয়।সংযুক্ত সাংস্কৃতিক মঞ্চ, অসম আৰু মৌ-কোঁহ নৃত্য আৰু সংগীত বিদ্যালয়ৰ লগতে জনকল্যাণ ছচাইটী ও সাংস্কৃতিক বিদ্যালয়, অসমৰ যুটীয়া উদ্যোগত এই বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰা হয়।আজি পুৱা বস্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংস্কৃতি দিৱস উদযাপন সমিতিৰ সভাপতি বাণী মেধিয়ে।
মৌন প্ৰাৰ্থনাৰ অন্তত মঞ্চ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱিকা বিচিত্ৰা দাসে। কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে আহ্বান ডিজাইনৰ পৰিচালন সঞ্চালক ড০ মৃদুল কোঁৱৰে। দিনৰ ভাগত নিমন্ত্ৰিত অতিথিসকলক আদৰণি জনোৱাৰ লগতে আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা আকৰ্ষণীয় নৃত্য-গীত প্ৰদৰ্শন কৰা হয়।ইপিনে,একেখন সভাতেই অসমৰ বিহু সম্ৰাট বিমান বৰুৱা, ৰাষ্ট্ৰীয় বিহু গুৰু তথা বিহু সম্ৰাট ড০ প্ৰসন্ন গগৈ আৰু উত্তৰ গুৱাহাটী আমিনগাঁৱৰ শৰাইঘাট নাট্য গোষ্ঠীৰ উপদেষ্টা ৰবীন্দ্ৰ নাথ দাসক সমাজত থকা বিশেষ উল্লেখনীয় অৱদানৰ বাবে আনুষ্ঠানিকভাৱে “সাংস্কৃতিক বঁটা” ৰে বিভূষিত কৰা হয়।
সমগ্ৰ কাৰ্যসূচীটো সফল কৰি তোলাৰ ক্ষেত্ৰত ‘জনকল্যাণ বাৰ্তা’ কাকতৰ স্বত্বাধিকাৰী তথা সম্পাদক আৰু জনকল্যাণ ছচাইটী ও সাংস্কৃতিক বিদ্যালয়, অসমৰ সভাপতি কুমুদ নাথে মুখ্য পৃষ্ঠপোষক হিচাপে বিশেষ ভূমিকা পালন কৰে।