ডিব্ৰুগড়ৰ মৰাণত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নবীন চন্দ্র বৰা সোঁৱৰণী আন্তঃক্লাব ‘বি’ ডিভিজন ফুটবল লীগ আৰম্ভ: অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাৰ উদ্বোধন

0

ষ্টাফ ৰিপ’ৰ্টাৰ ডিব্ৰুগড়, ১৩ জুলাই: আজিৰে পৰা মৰান অভয়পুৰ স্প’র্টছ কমপ্লেক্সত অনুষ্ঠিত হৈছে নবীন চন্দ্র বৰা সোঁৱৰণী আন্তঃক্লাব ‘বি’ ডিভিজন
ফুটবল লীগ। ১৬ টাকৈ দলে অংশ গ্ৰহণ কৰা ফুটবল প্রতিযোগিতাখনৰ খেলুৱৈসকলৰ দুভৰিৰ যাদু চাবলৈ অভয়পুৰ স্প’র্টছ কমপ্লেক্সত দৰ্শকৰ সমাগম হয়। খেলৰ আৰম্ভনিতে “মৰাণ জিলা ক্ৰীড়া সন্থা”ৰ উপ-সভাপতি অজয় মহনে পতাকা উত্তোলন কৰা পিছতে প্ৰয়াতৰ নবীন চন্দ্র বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত নবীন চন্দ্ৰ বৰাৰ সহধৰ্মিণী অৰ্পনা বৰাই।

ক্রীড়াপ্ৰেমী ৰাইজ উৎসুক হৈ থকা খেলখন মৰাণ টাউন ফুটবল একাডেমি আৰু স্প’র্টছ এৰেনাৰ ফুটবল ইলেভেনৰ মাজত অনুষ্ঠিত হয়। খেলৰ আৰম্ভনিতে খেলুৱৈসকলৰ লগতে বিশিষ্ট অতিথি সকলক চিনাকী কৰাই দিয়ে উদ্যোক্তা সকলে। লিগ পৰ্যায়ত অনুষ্ঠিত হোৱা খেলসমূহ পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেল,চেমি ফাইনেলৰ অন্তত ফাইনেল খেল অনুষ্ঠিত হ’ব। প্রতিযোগিতাখনি উদ্বোধন কৰে ‘অসম আদিত্য’ কাকতৰ সম্পাদক মনজিৎ বৰা। উদ্বোধনী অনুষ্ঠানত মৰাণ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱা, ফুটবল সন্থাৰ সম্পাদক দিগন্ত গগৈ, মৰাণ জিলা পৰিষদৰ সভানেত্ৰী পপী চাংমাই বাইলুং, ড°স্বপন চুতীয়া, চিত্ৰ বুঢ়াগোঁহাইকে ধৰি ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version