আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ, বৰপথাৰ কুমাৰনীছিগা শাখা, ডিব্ৰুগড় উদ্যোগত ভাৰতৰত্ন ডo ভূপেন হাজৰিকাৰ পৱিত্ৰ জন্ম তিথি উদযাপন

​ডিব্ৰুগড়: ভাৰত ৰত্ন ডo ভূপেন হাজৰিকা দেৱৰ পৱিত্ৰ জন্ম তিথি উপলক্ষে আবৃত্তি আৰু সংস্কৃতি পৰিষদ, বৰপথাৰ কুমাৰনীছিগা শাখা, ডিব্ৰুগড় উদ্যোগত ডo(এইচ.চি.) ৰাজশ্ৰী সেনাপতি গগৈৰ গৃহ প্ৰাংগণত এখনি গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়।

শাখাৰ সভাপতি ডo(এইচ.চি.) ৰাজশ্ৰী সেনাপতি গগৈয়ে গোটৰ সকলো বিষয়ববীয়াক লৈ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানৰ মুকলি কৰা হয় সুধাকণ্ঠৰ অমৰ গীতেৰে। কাৰ্যসূচীত শাখাৰ উপদেষ্টা কনকচম্প বুঢ়াগোহাঁইয়ে পৰিৱেশন কৰা ভক্তি বৰগীতৰ মাধুৰ্যই সমগ্ৰ স্থানত আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলে। সভাত সভাপতি ডo ৰাজশ্ৰী সেনাপতি গগৈ, উপ-সভাপতি ৰুমী বুঢ়াগোহাঁই, যুটীয়া সম্পাদক পাপৰি গগৈ, কোষাধ্যক্ষ প্ৰিতাঞ্জলী মেধি শৰ্মা, মুখ্য কাৰ্যকৰী সদস্য দীপমণি বৰুৱা আৰু জুনালী দত্তকে ধৰি উপস্থিত প্ৰত্যেকগৰাকী সদস্যই গীত, কবিতা আৰু বৰগীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে, সমান্তৰালভাৱে শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰা সদস্যসকলেও দূৰৰ পৰাই কালজয়ী শিল্পীগৰাকীলৈ ভক্তিপূৰ্ণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Hot this week

Topics

শিৱসাগৰ-চৰাইদেউলৈ ডিব্ৰুগড়ৰ শিক্ষাভেলী স্কুল আৰু সঞ্জীৱনী চিকিৎসালয়ৰ বান সাহায্য

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড় ১ আগষ্ট: বিধ্বংসী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ...
spot_img

Related Articles

Popular Categories