ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২ লাখ টকাৰ সাহাৰ্যৰ সিদ্ধান্ত

ষ্টাফ ৰিপ’ৰ্টাৰ ডিব্রুগড় ২৮ জুলাই: ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত ডি এইচ এছ কানৈ মহাবিদ্যালয়খনিয়ে মুখ্যমন্ত্ৰীৰ সাহার্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ২ লাখ টকাৰ এক বিশেষ সাহার্য। মহাবিদ্যায়খনৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই উল্লেখ কৰিছে যে- এটোপ দুটোপ কৰি বৰষুণৰ পানী পৰি এখন নদী, সাগৰ হোৱাৰ দৰে সৰু সৰু ত্যাগেৰে গঢ়ি উঠে মানৱতাৰ মহা সমুদ্র। এই পুৰণি নীতিবাক্যশাৰীক কানৈ মহাবিদ্যালয়ে নিজৰ কৰ্মৰে বাস্তৱত ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে। বিবৃতিখনত কোৱা হয়- মহাবিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়াব খোজা ২ লাখ টকা কেৱল এক ধনৰ সংখ্যা নহয়, ই হ’ল এখন শিক্ষানুষ্ঠানৰ বিবেক, সামাজিক দায়বদ্ধতা আৰু দুর্দশাগ্রস্ত বুকুৰ আর্তনাদৰ প্রতি জনোৱা গভীৰ সহমর্মিতা। বিবৃতিত জনোৱা মতে ধনেৰে হয়তো সকলো দুখ মচিব নোৱাৰি, কিন্তু মহাবিদ্যালয়ৰ এই সামান্য প্রচেষ্টাৰে যদি এগৰাকী নিৰাশ্ৰয় শিশুৰ মুখলৈ হাঁহি ঘূৰি আহে বা কোনো অশ্রুসিক্ত মাতৃৰ চকুৰ পানী টোপাল মচিব পৰা যায়, তেন্তে মহাবিদ্যালয়ৰ এই পুঁজিয়ে প্রকৃত সাৰ্থক লাভ কৰিব। বিবৃতিত উল্লেখ কৰে যে প্ৰকৃতিৰ নিয়ম মতে, প্রাকৃতিক দুর্যোগ ৰোধ কৰাৰ ক্ষমতা কাৰো নাই। কিন্তু প্রাকৃতিক দূর্যোগে জুৰুলা কৰা মানুহখিনিক বুকুৰ উত্তাপ দি ক’ব পৰা সেই সাহসিকতা সকলোৰে আছে। ঐতিহ্যপূর্ণ কানৈ মহাবিদ্যালয়ৰ এই মহান পদক্ষেপে কেৱল সাহাৰ্যৰ সীমা অতিক্রম কৰি সমগ্ৰ ৰাজ্যৰ বাবে এক মানবীয় প্ৰেৰণা আৰু সামাজিক জাগৰণৰ বাৰ্তা নিশ্চিতভাৱে কঢ়িয়াই আনিব বুলি বিবৃতিখনত উল্লেখ কৰিছে।

Hot this week

Topics

spot_img

Related Articles

Popular Categories