নুমলীগড়ত বন বিভাগৰ গুলীত তিনিজন যুৱক আহত, তদন্তৰ দাবী

নুমলীগড়, ১ আগষ্ট: নুমলীগড়ৰ কাষৰীয়া শ্যামৰাইপুৰ অঞ্চলত শুক্ৰবাৰে নিশা সংঘটিত এক গুলীচালনাৰ ঘটনাত তিনিজন যুৱক আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আহত যুৱককেইজন হৈছে ইনটাজুল আহমেদ, বিকাশ উৰাং আৰু বিষ্ণু চাহু। তেওঁলোক বৰ্তমান চিকিৎসাধীন।
জানিব পৰা মতে, দৈগ্ৰোং নৈৰ শ্যামৰাইপুৰ আৰু সুন্দৰপুৰ অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা বুলি অভিযোগ থকা অবৈধ বালি খননৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ যোৱাৰ সময়তে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দলৰ গুলীত তেওঁলোক আহত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। গুলী যুৱককেইজনৰ হাত, পিঠি আৰু ভৰিত লাগে।

স্থানীয় সূত্ৰৰ মতে, আহত ইনটাজুল আহমেদে যোৱা বৃহস্পতিবাৰে সুন্দৰপুৰ–শ্যামৰাইপুৰ অঞ্চলত চলি থকা বুলি অভিযোগ থকা অবৈধ বালি খননৰ বিৰুদ্ধে গোলাঘাট জিলা বন বিভাগত লিখিত অভিযোগ দাখিল কৰিছিল। অভিযোগ অনুসৰি, শুক্ৰবাৰে নিশা দুজন সংগীক লগত লৈ পুনৰ উক্ত অঞ্চললৈ যোৱাৰ সময়তে বনকৰ্মীৰ দলে অতৰ্কিতে গুলীচালনা কৰে।

ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত অবৈধ বালি খনন চলি অহাৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰি আহিছে। ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীও উত্থাপিত হৈছে।

Hot this week

Topics

spot_img

Related Articles

Popular Categories