অল ইণ্ডিয়া স্মল এণ্ড মিডিয়াম নিউজপেপাৰ্ছ ফেডাৰেচন অসম ৰাজ্যিক সমিতিৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

  • অল ইণ্ডিয়া স্মল এণ্ড মিডিয়াম নিউজপেপাৰ্ছ ফেডাৰেচন অসম ৰাজ্যিক সমিতিৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ
  • চৰকাৰী বিজ্ঞাপন প্ৰদানৰ দাবীৰে স্মাৰক-পত্ৰ প্ৰদান

অল ইণ্ডিয়া স্মল এণ্ড মিডিয়াম নিউজপেপাৰ্ছ ফেডাৰেচন (All India Small and Medium Newspapers Federation)ৰ অসম ৰাজ্যিক সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতসমূহত অতি সোনকালে চৰকাৰী বিজ্ঞাপন প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে ফেডাৰেচনে এই সাক্ষাৎ কাৰ্যসূচী ৰূপায়ণ কৰে। ফেডাৰেচনৰ প্ৰতিনিধি দলটোক মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে অহা ১৪ তাৰিখৰ পিছত অসম চৰকাৰে এই ক্ষেত্ৰত এক বাজেট গ্ৰহণ কৰিব । 

এই বাজেটৰ জৰিয়তে ৰাজ্যৰ ক্ষুদ্ৰ বাতৰি কাকত সমূহৰ সমস্যা সমাধানৰ বাবে আস্বাহ প্ৰদান কৰে । ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত অসম ৰাজ্যিক ফেডাৰেচনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনোৱাৰ উপৰিও এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক প্ৰদান কৰা স্মাৰক-পত্ৰত ফেডাৰেচনে উল্লেখ কৰে যে অসমৰ সাপ্তাহিক, পষেকীয়া, দ্বি-সাপ্তাহিক আৰু মাহেকীয়া বাতৰি কাকতসমূহৰ প্ৰকাশক তথা সম্পাদকসকলে দীৰ্ঘদিন ধৰি ৰাজ্যৰ সাধাৰণ জনতাৰ বিভিন্ন সমস্যা, চৰকাৰী উন্নয়নমূলক আঁচনি আৰু জনস্বাৰ্থজৰিত সংবাদসমূহ সৰ্বতোপ্ৰকাৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰি আহিছে। ইফালে, বিগত প্ৰায় আঠ মাহ ধৰি এই বাতৰি কাকতসমূহে কোনো চৰকাৰী বিজ্ঞাপন লাভ কৰা নাই বুলি উল্লেখ কৰে। প্ৰতিযোগিতামূলক সংবাদ জগতখনৰ এই জটিল পৰিস্থিতি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি বিজ্ঞাপন বন্ধ হৈ পৰাৰ ফলত কাকতসমূহ তীব্ৰ আৰ্থিক সংকটৰ মুখত পৰিছে বুলি উল্লেখ কৰে।

পৰিস্থিতি ক্ৰমাৎ অধিক গুৰুতৰ হৈ পৰাত বৰ্তমান সাংবাদিক তথা কৰ্মচাৰীসকলক নিয়মীয়াকৈ দৰমহা দিবলৈ প্ৰকাশকসকল অক্ষম হৈ পৰিছে। ইয়াৰ উপৰি নিজ পৰিয়ালৰ পোহপাল দিয়াৰ লগতে কৰ্মচাৰীসকলৰ জীৱিকা সূচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত তীব্ৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। এই সমগ্ৰ বিষয়টো সহানুভূতিকৰে বিবেচনা কৰি ৰাজ্যিক সমিতিখনে এইসমূহ বাতৰি কাকতৰ অস্তিত্ব ৰক্ষা আৰু সাংবাদিক-কৰ্মচাৰীসকলৰ জীৱিকা নিশ্চিত কৰাৰ স্বাৰ্থত সোনকালে চৰকাৰী বিজ্ঞাপন পুনৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীক অনুৰোধ জনায়। ইফালে আজিৰ প্ৰতিনিধি দলটোত থাকে অল ইণ্ডিয়া স্মল এণ্ড মিডিয়াম নিউজপেপাৰ্ছ ফেডাৰেচন অসম ৰাজ্যিক সমিতিৰ সভাপতি তথা আমাৰ প্ৰণাম বাতৰি কাকতৰ স্বত্বাধিকাৰী দেৱজিৎ সৰকাৰ, অমৃত প্ৰভা বাতৰি কাকতৰ স্বত্বাধিকাৰী হিৰেণ চন্দ্ৰ কলিতা আৰু ৰংমেলা বাতৰি কাকতৰ স্বত্বাধিকাৰী অৰুণ ভাগৱতী।

সভাপতি
শ্ৰী দেৱজিৎ সৰকাৰ
অল ইণ্ডিয়া স্মল এণ্ড মিডিয়াম নিউজপেপাৰ্ছ ফেডাৰেচন অসম ৰাজ্যিক সমিতি ।

Hot this week

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...
spot_img

Related Articles

Popular Categories