সম্পাদকৰ মেজৰ পৰা…🖋️

এটা জাতিক কোঙা কৰি পেলোৱাৰ আটাইতকৈ সহজ উপায়টো হৈছে অৰ্থনৈতিকভাৱে পঙ্গু কৰি পেলোৱা৷ অসমত বৃটিছ শাসন কালত ১৯৪৩ চনত ছৈয়দ ছাদুল্লা মুখ্যমন্ত্ৰী হৈ থাকোতে ‘অধিক খাদ্য উৎপাদন’ নীতিৰ জৰিয়তে অসমলৈ পমুৱা মুছলমান লোকসকলক আদৰি আনি অসমীয়াক অর্থনৈতিকভাৱে পঙ্গু কৰাৰ প্ৰথমটো পদক্ষেপ লোৱা হৈছিল। অৱশ্যে এই সুযোগ আমি অসমীয়াসকলেই আনি দিছিলোঁ। কিয়নো আমি অসমীয়া জাতিটো এটা বৰ এলেহুৱা আৰু আৰামী জাতি।ইয়াৰ পিছত অসমত বহুত কিবা কিবি আন্দোলন হ’ল। কিন্তু বজাৰ দখল কৰিবলৈ কোনো সংগঠনৰ পৰা চেষ্টা কৰা নহ’ল। কিন্তু তাৰ বিপৰীতে জাতীয়তাবাদী সংগঠনসমূহে অসমীয়া ডেকা-গাভৰুসকলক কেৱল আন্দোলনত ব্যস্ত কৰি ৰখা দেখা গ’ল। এই আন্দোলনৰ শেষ ফলাফল কি হ’ল। সেই কথাবোৰ ভাবি-চিন্তি সময় নষ্ট কৰি একো লাভ নাই বুলি অনুভৱ কৰিছোঁ।
কিন্তু তাৰ মাজতে অলপতে সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশনত অর্থনৈতিক সংগ্ৰামৰ কথাটোৱে গুৰুত্ব লাভ কৰে।উক্ত অধিৱেশনত সংগঠনটোৰ সভাপতি ড° সমুজ্জ্বল ভট্টাচার্যইকয় যে অসমৰ পৰিকল্পিত উন্নয়নৰ বাবে ‘অসম উন্নতি সভা’ গঠন কৰা হৈছিল। আগন্তুক সময়ত সংগঠনটোৱে ল’ব লগা প্রকল্পসমূহৰ কথা সদৰী কৰি সভাপতি ড° ভট্টাচার্যই কয় যে অঞ্চলে অঞ্চলে উৎপাদন,ঘৰে ঘৰে উপাৰ্জনৰ উদ্দেশ্য লৈ অনাগত দিনত অসম উন্নতি সভাইআগুৱাই যাব।অসম আন্দোলনৰ অভিজ্ঞতাক সুঁৱৰি তেওঁ কয় যে পেটৰ ভোক লৈ জাতীয়তাবাদ নহয়।
যি কি নহওক সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ অভিজ্ঞতা লৈ বাস্তৱতাক স্বীকাৰ কৰিলে। এতিয়া অনাগত দিনত অঞ্চলে ‘অঞ্চলে উৎপাদন,ঘৰে ঘৰে উপাৰ্জন’ নীতিক বাস্তৱ ৰূপ দিবলৈ অসম উন্নতি সভাইকিপদক্ষেপ লৈ দেখুৱাই সেইটোহে হ’ব লক্ষনীয়।

Hot this week

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

spot_img

Related Articles

Popular Categories