গুৱাহাটী প্ৰেছ ক্লাবত গুৰুগৃহ ফাউণ্ডেচনৰ উদ্যোগত গুৰু সেৱা সন্মান, অসম চৰকাৰী বিদ্যালয় শীৰ্ষক বক্তৃতানুষ্ঠান

গুৱাহাটী প্ৰেছ ক্লাবত গুৰুগৃহ ফাউণ্ডেচনৰ উদ্যোগত গুৰু সেৱা সন্মান, অসম চৰকাৰী বিদ্যালয় শীৰ্ষক বক্তৃতানুষ্ঠান

● গুৰুগৃহ ফাউণ্ডেচনৰ উদ্যেগত গুৰুসেৱা সন্মান ১৩ গৰাকী শিক্ষক নেতালৈ
● অসমৰ চৰকাৰী বিদ্যালয় শীর্ষক বক্তৃতানুষ্ঠান

গুৱাহাটী ১২ জুলাই: স্বেচ্ছাসেৱী সংগঠন গুৰুগৃহ ফাউণ্ডেচনৰ উদ্যোগত ১২ জুলাই ২০২৬ ইং দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১ বজাত গুৰুসেৱা সন্মান আৰু অসমৰ চৰকাৰী বিদ্যালয় শীৰ্ষক এটি বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়৷

বিভিন্ন শিক্ষক সংগঠনৰ ১৩ গৰাকী শিক্ষক নেতাক গুৰুসেৱা সন্মানৰে সন্মানিত কৰাৰ লগতে আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দিপীকা চৌধুৰী (উপসঞ্চালিকা- মাধ্যমিক শিক্ষা সঞ্চালকালয়)
ড° অমলেন্দু চক্ৰৱৰ্তী (প্রাক্তন উপচাৰ্য্য, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়) ড° যোগেশ কাকতি (প্রাক্তন পঞ্জীয়ক, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় সঞ্চালক, আনন্দৰাম বৰুৱা ভাষা শিল্প সংস্কৃতি প্রতিষ্ঠান অসম চৰকাৰ) কল্পনা ডেকা (এ চি এচ বিষয়া, মুখ্য কাৰ্যবাহী বিষয়া, কামৰূপ মহানগৰ জিলা পৰিষদ) পবিত্ৰ কুমাৰ শৰ্মা (সভাপতি, সাংস্কৃতিক মহাসভা অসম)।

গুৰুসেৱা সন্মানেৰে সন্মানিত শিক্ষক নেতাসকল হ’ল অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ হেমন্ত কুমাৰ শ‍ইকীয়া, ব্রজেন চেতিয়া, গোবিন্দ চন্দ্ৰ কলিতা, মনোজ কুমাৰ লহকৰ, উর্মীমালা বুজৰবৰুৱা, অসম হাইস্কুল শিক্ষক সন্থাৰ সুনন্দ কলিতা, ৰমেন দুৱৰা, প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাতুল চন্দ্ৰ গোস্বামী, সদৌ অসম স্নাতক শিক্ষক মঞ্চৰ ভাস্কৰ শৰ্মা, ইছফাকুৰ ৰহমান, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ দ্বীপেন শৰ্মা, অতুল দাস আৰু ৰঞ্জন মেধি, জনকল্যান বাৰ্তা সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক কুমুদ নাথ উপস্থিত থাকে বুলি গুৰুগৃহ ফাউণ্ডেচনৰ সচিব মহীধৰ কলিতা আৰু মুখ্য ট্ৰাষ্টী বিপুল দত্ত, প্ৰচাৰ সম্পাদক ভৱেন দাস আৰু বিজয় চৌধুৰীয়ে জানিবলৈ দিয়ে।

লগতে স্বেচ্ছাসেৱী সংগঠন গুৰুগৃহ ফাউণ্ডেচনে অসমৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

Hot this week

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...
spot_img

Related Articles

Popular Categories