বনিয়া বুৰঞ্জীকে আদি কৰি দুতিৰাম হাজৰিকাৰ ৮ পুথি হৰলুকিৰ কৈফিয়ত কোনে দিব? 🖋️ড° দেৱব্ৰত শৰ্মা

বনিয়া বুৰঞ্জীকে আদি কৰি দুতিৰাম হাজৰিকাৰ ৮ পুথি হৰলুকিৰ কৈফিয়ত কোনে দিব?
🖋️ড° দেৱব্ৰত শৰ্মা

তেখেত বনিয়া হোৱা বাবে, নে সৰল বানানত লিখাৰ বাবে এই হলুকি ?

২০২৬ চনৰ এক জুলাইৰ দিনা অসমৰ বিশিষ্ট পদ্যবুৰঞ্জী? প্রণেতা তথা ইতিহাসবিদ-সাহিত্যিক ‘দুতিৰাম স্বনকাৰ হাজৰিকাৰ’ৰ মৃত্যুৰ ১২৫ বছৰ পূৰ্ণ হ’ব। এইটো নিশ্চিতভাৱে এটা বিশেষ মুহূর্ত। প্ৰায় এশ বছৰ জীয়াই থকা বুৰঞ্জীবিদজনৰ জন্মৰো এতিয়া ২৩০বছৰ। তেখেতৰ সুদীৰ্ঘ জীৱনকালত কেৱল অসমৰ পদ্যবুৰঞ্জীকে ৰচনা কৰা নাছিল, ৰসিক পুৰাণ, বুঢ়া ভাষ্য, দিহিং সত্ৰৰ বুৰঞ্জী, দিহিং সত্ৰৰ বংশাৱলী, বনিয়াসকল অসমলৈ অহাৰ বৃত্তান্ত, ঘোষা ৰত্নাৱলী, তাৎপর্য কীৰ্তন, এনেধৰণৰ প্ৰায় অতি কমেও ৮খন গ্ৰন্থ ৰচনা কৰাৰ সম্ভেদ আমি পাইছোঁ। কিন্তু আর্যজনকভাৱে অসম সাহিত্য সভাই দশকৰ পাছত দশক জুৰি নিজৰ জিম্মাত ৰাখিও আওহেলা কৰি পেলাই থোৱা অসমৰ পদ্যবুৰঞ্জীখন মাত্ৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে প্রকাশ কৰিছে। বাকী কেউখন আজি ঘৰলুকী হৈ আছে। ইয়াৰ ভিতৰত ৰসিক পুৰাণখন ১৯৩২ চনৰ ২৪ মে’ৰ অসমৰ এজন বিশিষ্ট দলিত চিন্তাবিদ সোণাধৰ দাস সেনাপতিয়ে বুৰঞ্জী পুৰাতত্ব বিভাগক চমজাই দিয়াৰ, আৰু সেই বিভাগৰ হৈ দ° সূর্য কুমাৰ ভূঞাই চমজি লোৱাৰ প্ৰমাণ আমাৰ ওচৰত আছে। কিন্তু ১৯৩২ চনৰ পৰাও সুদীৰ্ঘ ৯৪ বছৰ পাৰ হৈ গ’ল আৰু প্ৰয়াত পদ্যবুৰঞ্জী প্ৰণেতা জনৰ মৃত্যুৰো? ১২৫ বছৰ পাৰ হৈ গ’ল ইমান দিনেও মাত্ৰ এঘাৰ পৃষ্ঠাৰ ৰসিক পুৰাণখনকো বিভাগটোৱে ছপাই উলিয়াব নোৱাৰাটো ৰহস্যজনক। ঠিক তেনেকৈ একাধিক সূত্ৰত প্ৰকাশ যে তেখেতে বুঢ়া ভাষ্য বুলিও আন এখন পুথি লিখিছিল। কাৰোবাৰ কাৰোবাৰ মতে সেইখন তেখেতে পুনৰ লিখন কৰিছিল বা প্ৰতিলিপিহে কৰিছিল। সেইখনো এই একে বিভাগত আছে। সেইখনৰ সৈতে পৃথক বা অভিন্ন দিহিং সত্ৰৰ বুৰঞ্জী, ইয়াৰ উপৰিও দিহিং সত্ৰৰ বংশাৱলী, বনিয়া সকল অসমলৈ অহাৰ বৃত্তান্ত, ঘোষা ৰত্নাৱলী আদিকে ধৰি অতিক্রমেও ৮খন পুথি তেখেতে লিখাৰ প্ৰমাণ আমি পাইছোঁ আৰু এই গোটেইবিলাকেই বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগতে জমা আছে বুলিয়েই ধাৰণা হয়। অৱশ্যে তাৰে কেইখনমান আদিতে অসম সাহিত্য সভাত আছিল যে তাৰো প্ৰমাণ আমি পাওঁ। কিন্তু কথা হ’ল আজি পদ্যবুৰঞ্জীকাৰজনৰ ১২৫ সংখ্যক মৃত্যু তিথি পালনৰ মুহূৰ্ততো এইবিলাকৰ এখনেও পোহৰৰ মুখ নেদেখাটো অতি আচৰিত তথা হতাশাজনক। এয়া ক্ষোভ আৰু ক্ৰোধৰ কথা। আমি আজি সেইখিনিৰ ভিতৰত কেৱল মাত্ৰ ৰসিক পুৰাণ সম্পর্কে এটি পৰিচয়মূলক টোকা আগবঢ়াব
বিচাৰিছোঁ।

আমি ইতিমধ্যে দেখুৱাই আহিছোঁ যে দুতিৰাম স্বর্ণকাৰ হাজৰিকিয়াৰ অসমৰ পদ্যবুৰঞ্জীত মূলতঃ সৰল বানান ব্যৱহাৰ হৈছিল। তাত কিছু পৰিমাণে বানানৰ খেলি মেলি থাকিলেও আৰু মাজে মাজে জটিল বানান বুলি কোৱা বৰ্তমানে প্রচলিত ধৰণৰ বানান লিখিলেও ব্যাপকভাৱে সৰল বানানেই ব্যৱহাত হোৱা দেখা যায়। ৰসিক পুৰাণত ব্যৱহৃত এনে সৰল বানানৰ আমি কেইটামান উদাহৰণ মাত্ৰ তলত দাঙি ধৰিছোঁ :
এই পুৰানখনত ট,ঠ, ড, ঢ, ণ ৰ ব্যৱহাৰ থাকিলেও কম। ঈ-কাৰ, উ-কাৰো কম। শ, ষ তকৈ ‘স’ৰ ব্যৱহাৰ বেছি। কেইটামান উদাহৰণ লওঁ। প্রচলিত বানান/পুৰানখনৰ বানান পার্বতী (পার্বতি)
প্রাণ (প্রান)
যদি (জদি) আশা (আসা) পানী (পানি) পোহাৰী (পোহাৰি) মাছ (মাচ) চুৰীয়া (চুৰিয়া) ধুতী (ধুতি ) বুদ্ধি (বুধি যায় (জাই) গুছোৱা (গুচোৱা ) যাব (জাইব) স্বর্ণ(স্বর্ন) যে (জে) সদাশিব (সদাসিব) পৃথিৱী(পৃথিবি) শৰীৰ(সৰিৰ) শ্মশান (সসান)
পুথিখনৰ মাত্ৰ ৪ পৃষ্ঠাতে থকা এই ২০+ শব্দৰ সৰল বানানৰ ভিত্তিত আমি ক’ব বিচাৰোঁ যে ১৯০১ চনলৈকে, অর্থাৎ হেমকোষ প্রণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ তিনিবছৰ পাচলৈকে বাচি থকা ‘দুতিৰাম স্বর্ণকাৰ হাজৰিকিয়া’ৰ লেখাত মূলতঃ সৰল বানান ব্যৱহাৰ হৈছিল।
এইখন ৰসিক পুৰানৰ বিষয়ে গুৱাহাটী IIT ৰ গৱেষক কাৱালদীপ কৌৰে এনেদৰে লিখিছে – ‘Dutiram ‘Swarnakar ‘Hazarika’s po- etical composition, Rasik Puran, pro- vides a very interesting account of the origins of the intoxicating drugs, their consumption along with their physical, social and psychological ramifications. It makes use of a popular format, the Vaishnavite model of poetry, The reference in the concluding paragraph to the clever commercial policies of the company and the antagonism to – wards the colonial exploitation re- veals the attitude of a section of people whose thoughts and ideas were averse to the penetration of ‘Western’ ideas. Instead, they could see in the policies of the company im-
perialistic tendencies and commercial considerations, certainly not without reason, Greedy merchants of the company signed a treaty, to amass all the wealth for themselves, saw how half the people of Assam are opium-eaters They saw how people cultivated opium, struck upon an ida to amass the huge profit from opium for them, dumped in cheap opium then banned its cultivation and di – vided the land into mahals [folio xii] K. Kaur’s translation) ‘ (PublishedÊ. European Academic Research, Vol I, ISSUE 2, May 2013, page 138 – 156, ISSN 2286-4822, www.euacademic.org)
তাৰ পাচত 2022 চনৰেই জুন মাহত দুতিৰাম স্বনকাৰ হাজৰিকিয়াৰ পৰিয়ালৰে ৰিনা ঢলুৱা দাসে আমাৰ লিখিত চিঠিৰ মৰ্মে এই কিতাপখন চাইছিল আৰু তাৰ যি কিতাপ পৃষ্ঠা আমাৰ হৈ তেখেতে সংগ্ৰহ কৰিছিল তাত এইকেইটা কথাও স্পষ্টকৈ লিখি থোৱা আছিলঃ ৰসিক পুৰাণ ফলি এঘাৰ । আকাৰ ২৭.৮ ইঞ্চি ×৭.৫ ইঞ্চি ইয়াৰ৷ নামপাতত বা প্ৰথম পাতত অসমীয়াত এনেকৈও লিখা আছিল : ‘ৰসিক পুৰান : ধঁপাত কানি আদিৰ উৎপত্তি’ ৰিচিভদ ফ্ৰম শ্ৰীযুত সোণাধৰ দাস অফ শ্বিলং অন ২৪/৫/১৯৩২ আৰু চুকত চহি আছে সূর্য কুমাৰ ভূঞা 24/5/193২। ইয়াৰ পৰা দেখা যায় যে আজিৰ পৰা ঠিক ৯৪ বছৰ আগতে বুৰঞ্জী পুৰাতত্ব বিভাগে এই পুথিখন সোণাধৰ দাস সেনাপতিৰ পৰা গ্ৰহণ কৰিছিল আৰু স্বয়ং সূর্যকুমাৰ ভূঞাই ইয়াক গ্ৰহণ কৰিছিল। এতেকে তেতিয়াৰে পৰা সুদীৰ্ঘ ৯৪ বছৰ এমাহ পাৰ হৈ যোৱাৰ পাচতো বুৰঞ্জী পুৰাতত্ব বিভাগে মাত্ৰ এঘাৰ পাতৰ এই গুৰুত্বপূৰ্ণ পুথিখন প্ৰকাশ কৰাৰ কোনো ব্যৱস্থা নোলোৱাটো আশ্বৰ্যজনক আৰু দুর্ভাগ্যজনক। উল্লেখযোগ্য যে আমি দুতিৰাম স্বনকাৰ হাজৰিকিয়াৰ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি হিচাপে, যোৰহাট কলেজৰ তৰফৰ পৰাও ৭/৬/2022 তাৰিখে অর্থাৎ আজিৰ পৰা ৪ বছৰ আগতে বুৰঞ্জী পুৰাতত্ব বিভাগৰ সঞ্চালকলৈ এখন চিঠি প্ৰেৰণ কৰিছিলোঁ। তাত আমি এনেদৰে উল্লেখ কৰিছিলোঁ যে দশকৰ পাচত দশক জুৰি, প্ৰায় এক শতিকা এই পুথিখন তেখেতসকলৰ বিভাগত পৰি আছে, তাক প্ৰকাশ কৰা হোৱা নাই সেইবাবে আমি তাক প্ৰকাশ কৰিব বিচাৰো আৰু আমি তাত বুৰঞ্জী পুৰাতত্ব বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰিম। আমাৰ সমিতিৰ সম্পাদক তথা পদ্যবুৰঞ্জীকাৰজনৰ পৰিয়ালৰ ৰিনা ঢলুৱা দাসে তেখেতক লগ কৰিব আৰু এই পুথিখনে ফটো কপি কৰিব। কিন্তু শ্ৰীযুতা দাসে তালৈ যোৱাৰ পাচতো এঘাৰটা পাতৰ মাত্ৰ কেইটামান পাতহে তেখেতক চাবলৈ/ছবি ল’বলৈ দিয়া হয়। অদ্যপৰিমিত বাৰম্বাৰ তেখেতে যোৱাৰ পাছতো আমি সেই এঘাৰটা পাতৰ বাকীকেইটা পাত পাবলৈ সক্ষম হোৱা নাই । ফলত এই ঐতিহাসিক দস্তাবেজ জহি-খহি যাবলৈ ধৰিছে। আমি বুজি পোৱা নাই কিয় এনেকুৱা হৈছে।
আমি সেয়ে যোৱা জুন তাৰিখে বুৰঞ্জী পুৰাতত্ব বিভাগৰ সঞ্চালকলৈ পুনৰ এখন চিঠি মোৰ আৰু সম্পাদক ৰিনা ঢলুৱা দাসৰ চহীৰ সৈতে পঠালোঁ আৰু সঞ্চালকৰ লগত চলভাষ যোগে কথাও পাতিলোঁ। কিন্তু সেইখনৰো কোনো সঁহাৰি নোপোৱাৰ বাবে পুনৰ ২৬/৬/২৬ ৰ দিনা বুৰঞ্জী
পুৰাত্ব বিভাগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ ৷ এইখন স্মাৰক পত্ৰত অসমৰ ভালে কেইবাজন গুণীজ্ঞানী ব্যক্তিয়েও স্বাক্ষৰ কৰিছে।
আমি? এই স্মাৰক পত্ৰত আহ্বান জনাইছোঁ যে দুতিৰাম স্বনকাৰ হাজৰিকিয়াই ৰচনা কৰা আঠখন অতি গুৰুত্বপূৰ্ণ পুথিৰ ভিতৰত মাত্ৰ এখন অর্থাৎ অসমৰ পদ্যবুৰঞ্জী এতিয়ালৈকে প্ৰকাশিত হৈছে কিন্তু বাকী সাতখন বুৰঞ্জীপুৰা তত্ত্ববিভাগতে আছে বুলি জনা গৈছে। তাৰে ভিতৰত এখন ৰসিক পুৰান ৷ তদুপৰি ‘বনিয়াসকল অসমলৈ অহাৰ বৃত্তান্ত’ বুলি বনিয়া জাতিৰ বুৰঞ্জী এখন, দিহিং সত্ৰৰ বুৰঞ্জী আৰু/বা বুঢ়া ভাষ্য বোলা দিহিং সত্ৰৰ বুৰঞ্জীমূলক পুথি এখনআৰু দিহিং সত্ৰৰ বংশাৱলী সৰ্বমুঠ এই ৫/৬খন পুথি বুৰঞ্জী পুৰাতত্ব বিভাগতে আছে আৰু পদ্য বুৰঞ্জীৰ বাহিৰে তাৰ এখনো প্ৰকাশ কৰা হোৱা নাই। আমাৰ প্ৰশ্ন যে তেখেতৰ জন্মৰ ২৩০ বছৰ পাছতো আৰু আনকি মৃত্যুৰো ১২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিচতো (অহা এক জুলাইৰ দিনা তেখেতৰ মৃত্যুৰ এশ পঁচিছ বছৰ পূৰ হ’ব) এই আপুৰুগীয়া মহামূল্যৱান পুথিবোৰ নিজেও পচাই থৈ, আমাকো প্ৰকাশ কৰিবলৈ নিদিয়াৰ বা ৰাজহুৱা নকৰাৰ কাৰণ কি থাকিব পাৰে ?
আমি দুটা ধাৰণা কৰিছোঁ যে যিহেতু এইজন বিশিষ্ট পণ্ডিত আৰু বুৰঞ্জীৱিদ বনিয়া সম্প্ৰদায়ৰ আছিল, যি সম্প্রদায়টো বর্তমানে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত যাক ভাৰতীয় পৰিভাষাত দলিত বুলি কোৱা হয়, তেনে কাৰণতে তেখেতৰে পাণ্ডিত্য আৰু অভিজ্ঞতা আৰু প্ৰজ্ঞা পোহৰলৈ নহাতো কোনোবাই বিচাৰে। সেয়েহে সেই পুথিবোৰ হৰলুকি কৰা হ’ল নেকি, বা থাকিলেও ৰাইজৰ হাতত তুলি দিবলৈ কিবা অসুবিধা আছে নেকি ??!!
ইয়াৰ পাছতে আমি আৰু এক গুৰুত্বপূৰ্ণ ধাৰণা কৰিবলৈ বাধ্য হৈছোঁ যে আমি আগতে বহুবোৰ লেখাত দেখুৱা দৰে দুতিৰাম স্বনকাৰ হাজৰিকিয়াৰ লেখাবোৰ সৰল বানানত লিখা হৈছিল, যি কাৰণে দ° সূৰ্য কুমাৰ ভূঞাৰ দৰে পণ্ডিত ব্যক্তিয়েও তেখেতৰ সৰল বানান সলাই প্রচলিত জটিল বানানত অসমৰ পদ্যবুৰঞ্জীখন প্ৰকাশ কৰিছিল। তেখেতে মূল পুথিখনৰ ৪,০০০ শব্দৰ বানান সলনি কৰাটোত আমি কেতিয়াও একমত হ’ব পৰা নাই। সেয়েহে দুতিৰাম স্বর্ণকাৰ হাজৰিকিয়াই সন্ধালনিকৈ সৰল বানানৰ ব্যৱহাৰ কৰা কথাটো এই পুথি কেইখনে পোহৰলৈ আনিব পাৰে। যাৰ ফলত হেমকোষীয় জটিল বানানৰ প্ৰতি এক প্ৰত্যাহ্বান আহিব পাৰে এনেকুৱা কিবা ধাৰণাও এই লুকাই ৰখাৰ আঁৰত ক্ৰিয়া কৰিছে নেকি, আমি নাজানো ।
কিন্তু আমি এইটোৱেই জানো যে বহু পলমকে হ’লেও, জন্মৰ ২৩০ বছৰ আৰু মৃত্যুৰ ১২৫ বছৰত হ’লেও এতিয়াই এই পুথি কেইখনৰ প্ৰকাশৰ দায়িত্ব বুৰঞ্জী পুৰাতত্ব বিভাগে ল’ব লাগে আৰু ল’ব নোৱাৰিলে তাকে ৰাজহুৱাভাৱে স্বীকাৰ কৰি ৰাইজৰ হাতত, বিশেষকৈ দুতিৰাম স্বনকাৰ হাজৰিকিয়াৰ স্মৃতি ৰক্ষ সমিতিৰ হাতত তাৰ ফতো কপি (মূল কপিটো নালাগে) গতাই দিব লাগে।
আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ যে সম্পূর্ণভাৱে সেই বিভাগৰ প্ৰতি ঋণ স্বীকাৰ কৰি আমি সেয়া ৰাজহুৱাকৈ প্ৰকাশ কৰিম ৷ আশা কৰোঁ ইতিহাস চৰ্চাৰ স্বাৰ্থত, সত্য পোহৰলৈ অহাৰ স্বাৰ্থত, আমাৰ অতীতক বস্তু নিষ্ঠভাৱে জনাৰ স্বাৰ্থত আৰু বনিয়া সম্প্ৰদায়ৰ শ্ৰেষ্ঠ সন্তান এজন মহান অসমীয়াক তেখেতৰ প্ৰাপ্য সন্মান মৃত্যুৰ ১২৫বছৰ পাচত হ’লেও দিয়াৰ স্বাৰ্থত বিভাগটোৱে অতি তৎপৰতাৰে এইখিনি কৰি দেখাব।
(লেখক অসমীয়া জাতীয় অভিধান তথা জাতীয় ইতিহাসৰ মুখ্য সম্পাদক, ফোন: ৯৪৩৫৩৫১২৫৫)

Hot this week

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...
spot_img

Related Articles

Popular Categories