কামৰূপত বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস পালন

■ কামৰূপত বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস পালন

■ মানৱ সৰবৰাহ আৰু ডাইনী অপবাদ প্ৰতিৰোধত সমন্বিত পদক্ষেপৰ আহ্বান

কামৰূপ, আমিনগাঁও, ৩০ জুলাইঃ বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস-২০২৬ উপলক্ষে আজি কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মহিলা আৰু শিশু উন্নয়ন বিভাগ অধীনস্থ সংকল্পঃ জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ (DHEW), কামৰূপৰ উদ্যোগত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই মানৱ সৰবৰাহ আৰু ডাইনী অপবাদৰ দৰে সামাজিক ব্যাধিসমূহৰ সম্ভাৱ্য কাৰণসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এই সমস্যাসমূহ প্ৰতিৰোধৰ বাবে সৰবৰাহ-প্ৰৱণ আৰু স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি অধিক জনসচেতনতা সৃষ্টি কৰাৰ লগতে শিক্ষাক এক শক্তিশালী সামাজিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। সকলো বিভাগ, সংস্থা আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে একেলগে কাম কৰিলে মানৱ সৰবৰাহমুক্ত আৰু সুৰক্ষিত সমাজ গঢ়ি তোলা সম্ভৱ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অনুষ্ঠানত মিছন শক্তিৰ লক্ষ্য, উদ্দেশ্য আৰু ইয়াৰ অন্তৰ্গত বিভিন্ন আঁচনি সন্দৰ্ভত এক উপস্থাপন আগবঢ়োৱা হয়। এই আঁচনিসমূহৰ জৰিয়তে মহিলা সশক্তিকৰণ, সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থাসমূহৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক অৱগত কৰা হয়।

সমল ব্যক্তি হিচাপে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হৰিপ্ৰিয়া ৰাজবংশীয়ে মানৱ সৰবৰাহ প্ৰতিৰোধ আৰু ডাইনী অপবাদ নিৰ্মূলকৰণ সম্পৰ্কীয় ৰাজ্যিক নীতি, প্ৰচলিত আইন, বৰ্তমানৰ প্ৰত্যাহ্বান আৰু এই ক্ষেত্ৰত আন্তঃবিভাগীয় সমন্বয় আৰু জনসম্পৃক্ততা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে।

অনুষ্ঠানত বক্তব্য ৰাখি উপ আৰক্ষী অধীক্ষক টিংকুজ্যোতি চৌধুৰীয়ে মানৱ সৰবৰাহ প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট (AHTU)-ৰ উদ্ধাৰ অভিযান, তদন্ত, পুনৰ্বাসন আৰু বিভিন্ন সংস্থাৰ মাজত সমন্বয়মূলক ভূমিকা সম্পৰ্কে অৱগত কৰাৰ লগতে অধিক ফলপ্ৰসূ পৰিকল্পনা আৰু সময়োপযোগী ব্যৱস্থাৰ জৰিয়তে মানৱ সৰবৰাহ প্ৰতিৰোধ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সহকাৰী মুখ্য আইনী সহায়ক প্ৰতিৰক্ষা পৰামৰ্শদাতাই (Assistant LADC) বক্তব্য ৰাখি জনায় যে জিলা আইনী সেৱা প্ৰাধিকৰণ (DLSA)-এ নিয়মীয়াকৈ মানৱ সৰবৰাহ আৰু আনুষংগিক সামাজিক বিষয়সমূহৰ ওপৰত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তেওঁ প্ৰয়োজনীয় ক্ষেত্ৰত আইনী সহায় আৰু পৰামৰ্শ আগবঢ়াবলৈ জিলা আইনী সেৱা প্ৰাধিকৰণক সদায় সাজু হৈ থকাৰ কথাও উল্লেখ কৰে।

ইয়াৰ পিছতে অনুষ্ঠিত আলোচনাত অংশগ্ৰহণকাৰীসকলে মানৱ সৰবৰাহ, ডাইনী অপবাদ আৰু অন্যান্য সামাজিক ব্যাধি প্ৰতিৰোধৰ ক্ষেত্ৰত আন্তঃবিভাগীয় সমন্বয়, জনসচেতনতা বৃদ্ধি আৰু সমাজভিত্তিক অংশগ্ৰহণ অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন মতামত আগবঢ়ায়।

অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক চাইল্ড হেল্পলাইন ১০৯৮ সম্পৰ্কে অৱগত কৰি কোনো শিশু সহায়, যত্ন বা সুৰক্ষাৰ প্ৰয়োজনত থাকিলে তাৎক্ষণিকভাৱে এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হয়।

অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্ৰী লাচিত, মুখ্য আইনী সহায়ক প্ৰতিৰক্ষা পৰামৰ্শদাতা (Chief LADC), ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া, বিভিন্ন শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিনিধিসকল উপস্থিত থাকে।

Hot this week

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

spot_img

Related Articles

Popular Categories