সাৱধান – গুৱাহাটী পৰিষ্কাৰ কৰিবলৈ কঠোৰ চৰকাৰ

গুৱাহাটী ভাৰতৰ ভিতৰতে এখন লেখত ল’বলগীয়া নগৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। এই গুৱাহাটীখন পৰিষ্কাৰকৈ ৰখাৰ দায়িত্ব চৰকাৰৰ যিমান তাতোকৈ বেছি দায়িত্ব গুৱাহাটীবাসীৰ। কিন্তু চৰকাৰে গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰাখিবলৈ যিমানেই যত্ন নকৰক কিয় এচামে আকৌ লেতেৰা কৰিবলৈ যেন খাপ পিতি বহি থাকে। আজি যদি এখন উৰণীয়া সেতু সজাই পৰাই উদ্বোধন কৰা হয়, তাৰ পিছদিনাই দেখিব কোনোবাই তামোল বা শিখৰ খাই পিক পেলাই লেতেৰা কৰি দিলে। তাৰ পাছত ইলেকট্র’নিক সংবাদ মাধ্যমে এইবোৰ বাতৰি প্ৰচাৰ কৰিলে। তাৰ পাছত সকলো শেষ। মুঠতে এটাৰ পাছত এটাকৈ চৰকাৰী সম্পত্তিক এচাম নিকৃষ্ট মানৱে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰে। এইক্ষেত্ৰত কিছুমান চৰকাৰী কাৰ্যালয়ৰ ভিতৰচৰাকো আঙুলিয়াব পাৰি। ইয়াত জড়িত হৈ আছে চৰকাৰী কৰ্মচাৰী। কিন্তু বৃহত্তৰ গুৱাহাটীখনৰ অপৰিষ্কাৰ কৰাৰ বাবে কিন্তু কেৱল মহানগৰবাসীয়ে জগৰীয়া নহয়। ইয়াত আন ঠাইৰ মানুহো জড়িত হৈ আছে।

গতিকে এনে এটা সমস্যা ৰোধ কৰিবলৈ এইবাৰ গুৱাহাটী পৌৰ নিগমে যেন টঙালি বান্ধিছে। এতিয়াৰে পৰা যিকোনো স্থানত থু-পিক পেলাব নোৱাৰিব। ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিব নোৱাৰিব। গুৱাহাটী মহানগৰক অধিক পৰিষ্কাৰ আৰু বাসোপযোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগম (জিএমডি)এ-কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মহানগৰবাসীৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সজাগ বৃদ্ধি আৰু ৰাজহুৱা স্থান অপৰিষ্কাৰ কৰা কাৰ্য্যকলাপ ৰোধ কৰিবলৈ জিএমচিয়ে ‘স্পট? ফাইন সূচী’ প্ৰকাশ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে পৰিচ্ছন্নতা বিধি উলংঘন কৰা ব্যক্তিৰ পৰা ঘটনাস্থলীতে জৰিমনা আদায় কৰা হ’ব। এই জৰিমনাৰ পৰিমাণ বিভিন্ন স্তৰত ভাগ কৰা হৈছে। থু-পিক পেলালে ৩০০ টকা, নিষিদ্ধ পষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰিলে ৫০০ টকা, উৰণ সেতুৰ খুঁটা, ৰাজহুৱা স্থানত পোষ্টাৰ বা বিজ্ঞাপন আদি লগালে ৫ হাজাৰ টকা, জাবৰ-জোথৰ আদি পেলাই নলাৰ স্বাভাৱিক সোঁত বন্ধ কৰিলে ২৫ হাজাৰ টকা পর্যন্ত ফাইন ধাৰ্য্য কৰা হৈছে।

গতিকে এতিয়াৰ পৰা গুৱাহাটীবাসীৰ লগতে গুৱাহাটীলৈ অহা যোৱা কৰা প্ৰতিজন ব্যক্তিয়েই সাৱধান হ’বৰ হ’ল আৰু আমিও এই ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ চোকা নজৰ ৰাখিম।

Hot this week

Topics

spot_img

Related Articles

Popular Categories