ডিব্ৰুগড়ত সদৌ অসম শিল্পী কাননৰ উদ্যোগত বৰগীত – লোকগীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান

ষ্টাফ ৰিপ’ৰ্টাৰ ডিব্ৰুগড়,২৮ জুলাই: গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত শিশু সকলৰ মাজত সাংস্কৃতিক বিকাশ আৰু মানসিক উত্তৰণৰ বাবে ডিব্ৰুগড়ৰ অগ্ৰণী অনুষ্ঠান “সদৌ অসম শিল্পী কানন”ৰ উদ্যোগত বৰগীত আৰু লোকগীতৰ এক কৰ্মশালা অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই কৰ্মশালাত লোকগীত আৰু বৰগীতৰ প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে ৰীতামণি দাস শইকীয়া আৰু প্ৰীতিলতা বৰুৱাই।

পাঁচদিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰশিক্ষাৰ্থী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সংগঠনটোৰ উপদেষ্টা ডঃ শশীকান্ত শইকীয়া, সাংস্কৃতিক মহাসভা অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতা,চৰকাৰী পেন্সনাৰ সন্থাৰ সাধাৰণ সম্পাদক মৃদুল শৰ্মা। সভাপতি নিৰুপমা গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰে ক্ৰমে ৰূপ বৰুৱা, ৰঞ্জন হাজৰিকা,ময়ুৰাক্ষী বৰুৱা, কৃষ্ণকান্ত দাস, ৰাগিণী দত্ত, কল্যাণী শইকীয়া আৰু চন্দনা শৰ্মাই। সাংস্কৃতিক সম্পাদিকা বৰষা ফুকন সহযোগত সামৰণি অনুষ্ঠানটিৰ আঁত ধৰে সদৌ অসম শিল্পী কাননৰ সম্পাদিকা ৰীতামণি দাস শইকীয়াই।

Hot this week

Topics

spot_img

Related Articles

Popular Categories