ডিব্ৰুগড়ত অনুষ্ঠিত জিলা বিজেপিৰ সাংগঠনিক প্ৰশিক্ষণৰ সামৰণি

ষ্টাফ ৰিপ’ৰ্টাৰ ডিব্ৰুগড়, ১৩ জুলাই : ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভাযান ২০২৬ৰ অংশ হিচাপে জিলা বিজেপিৰ সাংগঠনিক কৰ্মশালাৰ সামৰণি পৰে।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ দ্বিতীয় দিনৰ সপ্তম সত্ৰত আমাৰ আৰ্দশগত আধাৰ সম্পৰ্কে বিজেপিৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড০ প্ৰদীপ ঠাকুৰীয়া,অষ্টম সত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি সম্পৰ্কে প্ৰাক্তন বিধায়ক তথা ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, নৱম সত্ৰৰ ব্যবহাৰিক সত্ৰত ঘৰ ঘৰ সম্পৰ্ক, দেৱাল লিখন আদি সম্পৰ্কে অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি সুভাষ দত্ত, দশম সত্ৰত কৰ্যকৰ্তাৰ বিকাশ, তত্ত্বাৱধান আৰু বিকাশ সম্পৰ্কে আৰ এছ এছৰ নেতা সুভাষ জী যোশী আৰু একাদশ তথা অন্তিম সত্ৰত স্থায়ী কাৰ্যক্ৰম বুথ প্ৰৱন্ধন আৰু ‘মন কী বাত’ সম্পৰ্কে বিজেপিৰ ৰাজ্যিক সম্পাদক তথা জিলা সহ প্ৰভাৰী লক্ষীনাথ তাছা উপস্থিত থাকি দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি জিলা সভাপতি দুলাল বৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সামৰণি অনুষ্ঠানত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈ অংশ গ্ৰহণ কৰে। শলাগ জ্ঞাপন কৰে জিলা উপ-সভাপতি তথা জিলা আহ্বায়ক অসীম হাজৰিকা। দুলাল বৰা, জিলা সভাপতি আৰু দীপজয় শইকীয়া, জিলা আহ্বায়কে প্ৰেছ বিজ্ঞপ্তি ৰূপে জানিবলৈ দিয়ে।

Hot this week

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...
spot_img

Related Articles

Popular Categories