গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ এটি গীতৰ কলি আজিৰ প্ৰৱন্ধটোৰ শিৰোনাম হিচাপে বাছি লোৱাটো মোৰ বাবে এক নৱ চিন্তাৰ উদ্ৰেকৰ প্ৰতিফলন। অৱশ্যে নৱ চিন্তাৰ ধাৰণাটো যে তৎক্ষণাতে আহিল তেনে নহয়৷ গোড়ামিৰ বিৰুদ্ধে সংস্কাৰৰ মোৰ এই যুঁজখনৰ আৰম্ভণি কেতিয়াবাই হৈছিল আৰু সেয়ে হয়তো গুগলকে ধৰি দুই এটা সামাজিক আৰু সংস্কৃতিৰ লগত জড়িত সংগঠনে মোৰ নামটোৰ লগত সংস্কাৰক বিশেষণটো সংলগ্ন কৰিছে। গতিকে নিমখ খাই সমাজৰ গুণ গোৱাটো এজন সৎ আৰু ভদ্ৰ মানুহৰ কৰ্তব্য কিন্তু মই ভদ্ৰ হৈ থাকি ভদ্ৰলোকৰ দৰে মৃত্যু জয় কৰাৰ তিলমানো হাবিয়াস নাই কিন্তু ভদ্ৰলোকৰ দৰে মৃত্যু বিচাৰোঁ।
এতিয়া আজিৰ এই প্ৰৱন্ধটো লিখিবলগীয়া হোৱাৰো কাৰণ নথকা নহয়। আজিৰ সমাজত আনৰ সুখত সুখী হোৱা ব্যক্তি নিচেই তাকৰ কিন্তু তাৰ বিপৰীতে আনৰ দুখত সুখী হোৱা ব্যক্তিৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাবলৈ লৈছে। একেধৰণে আনৰ আৱেগ-অনুভূতিক সন্মান জনোৱা লোকৰ সংখ্যা দিনক দিনে কমিবলৈ লৈছে। এতিয়া কথাটো হ’ল আমি আমাৰ আৱেগ অনুভূতিবোৰক কিয় ৰাজহুৱা কৰোঁ৷ আমি আমাৰ আৱেগ-অনুভূতিবোৰ ৰাজহুৱা তেতিয়াই কৰোঁ যেতিয়াই আমি অসহায় অনুভৱ কৰোঁ আৰু আনৰ দ্বাৰা বিশেষভাৱে নিকট আত্মীয়ৰ পৰা অৱহেলিত হওঁ। অৱশ্যে আনক ধংসাত্মক সমালোচনা কৰাটোও স্বাধীনতা বুলিও ক’ব পৰা যায়। কিন্তু এই স্বাধীনতাই যাতে সমাজক বিপথে পৰিচালিত নকৰে সেই কথাষাৰটো মনোনিৱেশ কৰা উচিত৷ আজিৰ সমাজত ভাল কাম কৰিবলৈ গ’লে এচামে আপোনাক সদায়েই সমালোচনা কৰিব আৰু আপোনাক পিছলৈ টানিবলৈ চেষ্টা কৰিব। এই সম্পৰ্কে পাছত বাৰু উদাহৰণ দি বাখ্যা কৰিবলৈ চেষ্টা কৰিম।
এতিয়া আহো মোৰ প্ৰৱন্ধটোৰ শিৰোনামত স্থান দিয়া গীতৰ অকণমান বিশ্লেষণলৈ। গীতটোৰ কথাখিনিয়ে প্রেম, প্ৰকৃতি আৰু সজীৱতা বুজায়। ইয়াৰ অৰ্থ হ’ল হৃদয়ত সজীৱতা আনি ৰ’দৰ দৰে উজ্জ্বল আৰু সূৰ্যমুখী ফুলৰ দৰে আশাভৰা অনুভৱবোৰৰ উত্তৰণ ঘটোৱা। ইয়াত ‘ৰ’দৰে ফুল’ বুলিলে আচলতে প্ৰকৃতিৰ বুকুত জিলিকি উঠা উজ্জ্বল ৰ’দজাকক বুজোৱা হৈছে। সূৰ্যৰ সোণালী পোহৰক ফুলৰ সৈতে তুলনা কৰি ইয়াক এক সুন্দৰ ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। আশা আৰু নতুনত্বৰ প্ৰতীক ৰ’দে যিদৰে অন্ধকাৰনাশ কৰি ধৰিত্ৰীখন পোহৰাই তোলে, ঠিক তেনেদৰে এই গীতটোৰ কথাখিনিয়ে মানুহৰ মনৰ পৰা নিৰাশা, কুসংস্কাৰবোৰ আঁতৰাই আশা, আনন্দ আৰু নতুন সম্ভাৱনাৰ ‘ফুল’ ফুলি উঠাটো কামনা কৰিছে। হৃদয় সেউজী ধৰাত বাক্যাংশই বুজায় যে আমাৰ মনবোৰ বা এই পৃথিৱীখন যেন সদায় সজীৱ, প্ৰাণৱন্ত আৰু সেউজীয়া হৈ থাকে। মই খাটি খোৱা ব্ৰাহ্মণ পৰিয়াল এটাত জন্ম গ্ৰহণ কৰিছোঁ আৰু আমাৰ ব্ৰাহ্মণৰ পৰিয়ালৰ নিয়মসমূহ বৰ কঠোৰ।
অৱশ্যে এয়া যে অসমীয়া সমাজতে আছে তেনে নহয়। বেঙ্গলী, উড়িয়া সমাজৰ ক্ষেত্ৰতো গোড়ামিবোৰ আছিল আৰু আছে। বিশেষকৈ মহিলাৰ বাবে এই নিয়মসমূহ বৰ কঠোৰ। স্বামীৰ মৃত্যুৰ পাছত মহিলাগৰাকীৰ ওপৰত বিভিন্ন চাপৰ সৃষ্টি কৰা হয়। সেয়া খাদ্যৰ ক্ষেত্ৰতে হওক বা শাৰীৰিক আৰু মানসিক ক্ষেত্ৰতে হওক। খাদ্যৰ ক্ষেত্ৰত মাছ, মাংস, মচুৰ দাইল, পিঁয়াজ আদিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয়। গিৰিয়েকৰ মৃত্যুৰ পাছত মহিলাগৰাকীৰ ওপৰত যাতে আন পুৰুষৰ চকু নপৰে তাৰ বাবে মহিলাগৰাকীৰ চুলিবোৰ ছুটিকৈ কাটি আপচু সজাই দিয়া হয়। গতিকে আমাৰ কিছুসংখ্যক লেখাত আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বিধৱাগৰাকীৰ বিবাহৰ পক্ষে মত প্রকাশ কৰিছোঁ। কিন্তু তাৰ মাজতে এচাম সমালোচকে মোক সমালোচনা কৰিয়েই ক্ষান্ত নাথাকি বিধবা বিবাহৰ হকে মাত মতা বাবে বিধবা এগৰাকীক বিবাহ কৰাবলৈ প্ৰত্যাহ্বান জনাইছে। কিন্তু মইবুজাই দিছোঁ যে এই প্ৰত্যাহ্বান এই জনমত মই স্বীকাৰ কৰিবলৈ অসমৰ্থ কাৰণ মই এজন বিবাহিত পুৰুষ। এতিয়া আহো সংস্কাৰৰ কিছু বৈশিষ্ট্যলৈ। সমাজ সংস্কাৰৰ বৈশিষ্ট্যসমূহ হৈছে
১) কুসংস্কাৰ আৰু অন্ধকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা।
২) মানৱতাবাদ আৰু সামাজিক সমতাৰ হৈ মাত মতা ৷
৩) নাৰী মুক্তি আৰু নাৰী শিক্ষাৰ হকে কাম কৰা
৪) মানসিকতাৰ আধুনিকীকৰণৰ জৰিয়তে নতুন প্ৰজন্মক উচিত পথ দেখুৱাই প্ৰগতিশীলতাৰ হকে যুঁজ দিয়া৷ কুসংস্কাৰবোৰ বাৰু কি? মনু সংহিতা বা বেদত উল্লেখ থকা কথাবোৰ কু সংস্কাৰ নেকি? বেদত থকা কথাবোৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে লেখা হোৱা নাই বুলি ক’ব পৰা নাযায়। কিয়নো বেদৰ পৰাই আজিকালি আমাৰ পৰিচিত বিভিন্ন শাখাৰ সৃষ্টি হৈছে। সেই শাখা সমূহ ১) ন্যায়, তর্ক শাখা (২) বৈশেষিক কণা শাখা ৩) সাংখ্য আদি। এইখিনিতে বেদ সম্পৰ্কে পৃথিৱীৰ মহান ব্যক্তিসকলে কি কৈছে সেয়া অকণমান উনুকিয়াব বিচাৰিছোঁ। ভল্টেয়াৰে কৈছে-বেদ মানৱ সভ্যতাৰ মূল্যবান উপহাৰ যাৰ বাবে পাশ্চাত্য সদায়েই প্ৰাচ্যৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ব। অৰ্থাৎ পদাৰ্থৰ মূল পৰমাণু বা অণুৰ ধাৰণাটো বিজ্ঞানীসকলৰ মনলৈ বেদৰ পৰাই আহিছিল। তেনে ক্ষেত্ৰত বেদক কুসংস্কাৰৰ বাহক বুলি ক’লে ভুল হ’ব। অর্থাৎ বেদক বাদ দি হিন্দু ধৰ্মৰ কথা বা সনাতনী সংস্কৃতিৰ কথা ভবাটো ভেটি অবিহনে গৃহ সাজিবলৈ যোৱাৰ দৰে কথা । অৰ্থাৎ বেদ আৰু ব্ৰাহ্মণক অৱজ্ঞা কৰিলেই সমাজ সংস্কাৰ কৰা নুবুজায়। বেদত মানুহক উচ্চ-নীচ শাৰীত বিভক্ত কৰা হোৱা নাই। তেন্তে বেদৰ ধাৰণাবোৰ অমূলক বুলি ভবা ধাৰণাটো ক’ৰ পৰা আহিল? সেয়াও এক ডাঙৰ প্রশ্ন। বহুতে ক’ব এয়া ব্ৰাহ্মণ্যবাদৰ চতুৰালি। কিন্তু ব্ৰাহ্মণ্যবাদৰ পৰিসীমা ব্ৰাহ্মণ সকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। ব্রাহ্মণ্যবাদ সকলোতে আছে। এটি উচ্চ বৰ্ণৰ পৰিয়ালে তেওঁতকৈ নিম্নবৰ্গৰ লোকৰ লগত বিয়া-বাৰুৰ সম্পৰ্ক স্থাপন কৰিব নোখোজে। সেয়া ব্রাহ্মণে হওক বা আন জাতিৰে হওক।ব্ৰাহ্মণে নিবিচাৰে কলিতাৰ লগত সম্পৰ্ক কৰিব, কলিতাই নিবিচাৰে কৈৱৰ্ত্তৰ লগত সম্পর্ক গঢ়িব। গতিকে সমাজত এই জাতি ভেদ নিৰ্মূলকৰণৰ হকে চৰ্চা কৰা উচিত। কিন্তু কোনে কৰিব চাকৰি বা শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষণ নালাগে বুলি সুবিধা আদায় কৰি থকা সকলে সংৰক্ষণ নীতিৰ পৰিসমাপ্তিৰ বাবে পথলৈ আহি আন্দোলন কৰিব পাৰিব নে? যদি পাৰে তেন্তে সেই সকলক আনে নকলেও এই লেখকে প্রগতিশীলতাৰ ধ্বজা বাহক বুলি প্ৰশংসাৰে ওপচাই দিব।
মই আগতেও কৈছোঁ মই এজন ব্ৰাহ্মণ কুলত জন্ম গ্ৰহণ কৰা ব্যক্তি। গোত্ৰ মোৰ শান্দিল্য। কিন্তু মই অসমৰ প্ৰায় জনগোষ্ঠীৰ ঘৰতে অন্ন গ্রহণ নকৰিলেও চাহৰ সোৱাদ লৈছোঁ। কিন্তু অখাদ্য বৰ্জন কৰিছোঁ, অসাধু সংগ বৰ্জন কৰিছোঁ আৰু এতিয়ালৈ কৰি আছোঁ। ব্ৰাহ্মণৰ সন্তান বুলি কোনো দাম্ভিকতা নাই আৰু আন ধৰ্মক ঘৃণাৰ চকুৰে চোৱা নাই। কিন্তু আনে কৰা ঘৃণাক লেখাৰ মাজেৰে যুক্তি সহকাৰে প্রতুত্তৰ দিছোঁ আৰু ভৱিষ্যতেও দি যাম।
এতিয়া আহো সংস্কাৰ সম্বন্ধে কিছুকথালৈ। সংস্কৃতি আৰু সংস্কাৰ দুয়োটাৰে এৰাব নোৱাৰা সম্পৰ্ক আছে। তেনেস্থলত সংস্কৃতিয়ে কেৱল ৰক্ষণশীলতা নীতিত আকোৰগোঁজ হৈ থাকিলে সেই সংস্কৃতিয়ে প্ৰসাৰ লাভ নকৰে। গতিকে পৰিৱৰ্তন লাগিবই। আকৌ এই পৰিৱৰ্তন কৰিবলৈ যাওঁতে মূল বিষয়বোৰ এৰাই চলিলে নহ’ব আৰু পৰিৱৰ্তনৰ বঠা ধৰা অৰ্থাৎ সমাজনামৰ নাওখনৰ গুৰিয়ালজনো যাত্ৰী সকলৰ ভয় আৰু আৱেগ-অনুভূতিৰ প্ৰতি যত্নবান হ’ব লাগিব। কিন্তু গুৰিয়ালজনে যথেষ্ট কষ্টৰ বাবে প্ৰস্তুত থাকিব লাগিব। প্ৰগতিবাদৰ লগত মানৱতা আৰু মানসিকতাৰ কথাটো আহি পৰে। সমাজ শুধৰোৱাৰ গুৰু দায়িত্ব কোনোৱে কাৰো ওপৰত অৰ্পণ নকৰে । সেই গুৰু দায়িত্ব নিজে নিজেই ল’ব লাগিব। এই ক্ষেত্ৰত গুৰিয়ালজন যথেষ্ট কষ্টৰ সন্মুখীন হোৱা দেখা যায়। অর্থাৎ সমাজ শুধৰোৱাৰ ক্ষেত্ৰত আগভাগ লোৱা সকলে যথেষ্ট কষ্টৰ সন্মুখীন হোৱা দেখা যায়। ১৯৩৫ চনত, যেতিয়া সমগ্ৰ অসমীয়া সমাজখনক ৰক্ষণশীল মানসিকতাই আবৰি আছিল, তেতিয়া গোলাঘাটৰ বেটনী গাঁৱৰ এগৰাকী সাধাৰণ যুৱতীয়ে সকলো সামাজিক বাধা নেওচি ‘জয়মতী’ চলচ্চিত্ৰত অভিনয় কৰাৰ সাহস দেখুৱাইছিল। সেইগৰাকী আছিল আইদেউ সন্দিকৈ। তেওঁ নিশ্চিত আছিল যে চলচ্চিত্ৰখনত অভিনয় কৰি অহাৰ পাছত তেওঁ সমাজখনৰ দ্বাৰা লাঞ্ছিত আৰু অপমানিত হ’ব লাগিব। তথাপিও তেওঁ এটি প্রগতিশীল মন লৈ তেতিয়াৰ সমাজখনৰ বিৰুদ্ধে ওলাই গৈছিল। চলচ্চিত্ৰখনত অভিনয় কৰি অহাৰ পাছত তেওঁক এঘৰীয়া কৰা হৈছিল। অৱশ্যে বহু বছৰ পাছত আইদেউ সন্দিকৈক অসম চৰকাৰে পুৰস্কৃত কৰিলে। কিন্তু যৌৱনকালত তেওঁ পাই অহা লাঞ্ছনা, নিসংগতা, অপমান আদিৰে ধৰাশায়ী কৰা হ’ল। আইদেউ সন্দিকৈক সেইবোৰ অপমানৰ পৰা মুক্ত কৰিবলৈ আজিৰ সমাজ সক্ষম হ’ব নে একেদৰে মুছলমান সমাজখনৰ লগত আজিও পৰ্দা প্ৰথা প্ৰচলিত হৈ থকা মহিলাসকলে ওৰেটো জীৱন পৰ্দাৰ আঁৰতে থাকিব নে এগৰাকী কন্যা সন্তানৰ সোঁৱৰণীখনত ভৱিষ্যতে বিধবা হোৱাৰ যোগ আছে বুলি গছ বা এটা ছাগলী বা আন জীৱৰ লগত প্ৰথমতে বিয়া দি পুনৰ এজন ডেকালৈ বিয়া দিয়াৰ সেই মহাভাৰতৰ দিনৰ যুগৰ কথাবোৰ সত্য বুলি মানি লোৱা মানসিকতাৰ পৰিৱৰ্তন ঘটাবলৈ কোনো আগবাঢ়ি নাহিব নেকি?
আমি হৈছো এক্স জেনেৰেচনৰ লোক। এতিয়া হৈছে জেন জিৰ যুগ। ইয়াৰ পিছত আহিব আকৌ আলফা আৰু বিটা জেনেৰেচন । গতিকে আমি যিটো আকোৰগোঁজ হৈ ধৰি থাকিব বিচাৰোঁ সেইটো আজিৰ জেনেৰেচনে মানি নলয়। এই জেনেৰেচনটো সত্য আৰু যুক্তিৰ দ্বাৰা পৰিচালিত হয়। তেওঁলোকৰ আৱেগ আৰু অনুভূতি আমাতকৈও বেছি। তথাপিও তেওঁলোকে প্ৰতিটো কথাৰ সত্যতা আৰু প্ৰমাণ বিচাৰে। তেনে ক্ষেত্ৰত তেওঁলোকে বিবাহ আদিৰ ক্ষেত্ৰত আমাৰ সেই আই-পিতায়ে চাই দিয়া পুৰণিকলীয়া নিয়ম মানি ল’বলৈ প্ৰস্তুত নহয়। এজন অচিনাকি ল’ৰাৰ লগত সংসাৰ পাতি আজিৰ ছোৱালীয়ে নিজৰ জীৱনটোলৈ জটিলতা নমাই আনিব নোখোজে। তাতে আকৌ উচ্চতম ন্যায়ালয়ে লিভ-ইন- ৰিলেশ্যনক দিয়া মান্যতাই আজিৰ যুৱক-যুৱতীসকলক প্ৰগতিবাদীৰ লগতে প্ৰতিবাদী হোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰা দেখা গৈছে। তেনেস্থলত বিয়া-বাৰুৰ ক্ষেত্ৰত জাতি ধৰ্মৰ নামত চলি থকা আমাৰ পৰম্পৰাগত পদ্ধতি সমূহক আমি খামোচ মাৰি ধৰি থাকিলে হিতে বিপৰীত হোৱাৰ আশংকা আছে। আমি আগতেই উল্লেখ কৰিছোঁ যে আজিৰ যুৱক-যুৱতীসকল যথেষ্ট আৱেগ প্ৰৱণ। তদুপৰি বিগত কেইটামান বছৰত লক্ষ্য কৰিলে দেখা যায় যে আমাৰ সমাজত আত্মহত্যাৰ দৰে ঘটনাবোৰ নিত্য নৈমিত্তিক হৈ পৰিছে। গতিকে তেনে ক্ষেত্ৰত আজিৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে চলি অহা বৈবাহিক প্ৰথা সমূহ সময় আৰু পৰিস্থিতিৰ দাবীত গোড়ামিৰ পৰিৱৰ্তে প্ৰগতি আৰু বাস্তৱতাক প্ৰাধান্য দি চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে। জীৱন মানেই সংগ্রাম । জীৱন মানেই সুখ আৰু দুখৰ লগতে এক প্রত্যাহবান। জীৱনৰ অৰ্থ প্ৰতিজনৰ দৃষ্টিত সুকীয়া। সূৰ্য্য আৰু চন্দ্ৰক যেনেকৈ আমি সত্য বুলি মানি লও ঠিক তেনেকৈ জন্ম আৰু মৃত্যুও সত্য। জন্ম আৰু মৃত্যুৰ এই মাজৰ সময়খিনি কাৰ বাবে কিমান দীঘলীয়া আৰু সুখৰ সেয়া গণনা কৰা সম্ভৱ নহয়। এই সময়ছোৱাত আমি বহুতো পাৰ্থিৱ বস্তুৰ পিছত দৌৰো। ইয়াৰ লগে লগে অপাৰ্থিৱ ঈশ্বৰকো আৰাধনা কৰোঁ। কিন্তু কিয় এই আৰাধনাৰ উদ্দেশ্য। এই আৰাধনাৰ উদেশ্য জীৱনটো আৰামদায়কভাৱে উদযাপন কৰা। কিন্তু আমিতো নিজৰ মৃত্যু বিচাৰি আৰাধনা নকৰোঁ। নিজৰ মৃত্যু বিচাৰি ঈশ্বৰক পূজা কৰা ব্যক্তিজন আছিল বাল্মীকি দ্বাৰা ৰচিত ৰামায়ণৰ মূল খলনায়ক ৰাৱণ। ৰাৱণৰ সেই উদাৰ আৰু ব্যতিক্রমী মানসিকতাৰ বাবে হয়তো আজিও শ্রীলংকাত ৰাৱণক পূজা কৰা হয়। আমি নিজৰ মৃত্যু কামনা কৰিবলৈ প্ৰস্তুত নে বহুতে ভাবিব এইবোৰ মই কি লিখি আছোঁ। হয় মই ঠিকেই লিখিছোঁ। আমি জীৱনত কাৰো পৰা সন্মান নাপালেও মৃত্যুৰ দিনা আমাক পুস্প সজ্জিত ৰথত লৈ গৈ শ্মশানত জ্বলোৱাৰ প্ৰাক ক্ষণত পৰিয়ালৰ সদস্যৰ লগতে আটায়ে সন্মান জনাই অগ্নিত দাহ কৰে৷ এই সময়ত প্ৰতিগৰাকী ব্যক্তি এজন ব্যক্তি হৈ নাথাকে। একো একোটা নিৰ্জীৱ পদাৰ্থ যিয়ে লজ্জা কি নাজানে। তেনেস্থলত কোন এনেকুৱা ব্যক্তি থাকিব পাৰে যিয়ে মৃতকৰ উলংগ শৰীৰ চাই তৃপ্তি লাভ কৰিব পাৰে। সনাতনী কিয় কোনো ধৰ্মতে মৃতকক যে ইমান অসন্মান নকৰে সেয়া এই লেখকে সকলোৰে বাবে নিশ্চিত কৰিছে। দ্বিতীয়তে সনাতনী সংস্কৃতিত মৃতকক উলংগ কৰি চিতাত এনেকৈ শুৱাই দিয়া হয় যাতে মৃতকৰ উলংগ দেহাটো কাৰোৰে দৃষ্টিগোচৰ নহয়। এইবোৰ লেখাৰ আঁৰৰ কথাটো হৈছে আমাৰ দুই এজনৰ কিছু নেতিবাচক ধাৰণা আছে। আজিকালি আৰু এটা ভাল কথা হৈছে। আপুনি নিজৰ চকু দুটাকে আদি কৰি দেহ পর্যন্ত দান কৰিব পাৰে। চাওকচোন আজিকালি আমাৰ কিছুমান লোক কিমান প্রগতিবাদী হৈছে। মৃত ব্যক্তিৰ চকুৰে দৃষ্টিহীনে চকু ঘূৰাই পোৱা ব্যক্তিৰ লগত এই লেখকে কথা পাতিছে। গতিকে আপুনি মৃত্যুৰ পাছত আপোনাৰ শৰীৰটো পুতিবলৈ নে দাহ কৰিবলৈ নে দান কৰিবলৈ আগ্রহী সেয়া আপোনাৰ নিজস্ব কথা। ব্যক্তিভেদে দর্শন সুকীয়া। কিন্তু মোৰ নিজা দর্শনকে যে সকলোৱে মানিব লাগিব তাৰ কোনো মানে নাই। কিন্তু আমি আমাৰ ৰীতি-নীতি, পৰম্পৰা আদিৰ ক্ষেত্ৰত কিছু শিথিলতাৰ প্ৰয়োজনীয়তা আছে। সেয়া বৈবাহিক জীৱনৰ ক্ষেত্ৰতে হওক বা আধ্যাত্মিকতাৰ ক্ষেত্ৰতে হওক। যিটো সময়ত মানুহে চন্দ্ৰত মাটি ক্রয় কৰিছে, আন গ্ৰহত বায়ু আৰু পানীৰ সন্ধান কৰিবলৈ লৈছে তেনে ক্ষেত্ৰত বেদ, উপনিষদ, পুৰাণ আদিৰ অৰ্থবহ কথাসমূহৰ বৈজ্ঞানিক গৱেষণাৰ প্ৰয়োজনীয়তা আছে যাতে সংস্কাৰমুখী যাত্ৰাৰ জৰিয়তে সমাজত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ প্ৰভাৱ অধিক হোৱাৰ লগতে মানৱৰ জয়যাত্ৰা অটুট থাকে আৰু জীৱনবোৰ সুখ সমৃদ্ধিৰে ভৰি পৰে।
ফোনঃ ৯৭০৭১-৪৫৭১১



