● গোলাঘাট, ১১ জুলাইঃ সমগ্ৰ বিশ্বৰ লগতে আজি গোলাঘাট জিলাতো স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব জনসংখ্যা দিৱস উদযাপন কৰা হয়। এই বৰ্ষৰ মূল বিষয়বস্তু— “মাতৃ আৰু শিশুৰ সু-স্বাস্থ্যৰ বাবে অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰাখক”—ক অগ্ৰাধিকাৰ দি জিলাখনৰ সকলো স্বাস্থ্য খণ্ডতে ব্যাপক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীসমূহত মূলতঃ প্ৰজনন স্বাস্থ্যৰ উন্নতি, মাতৃ আৰু শিশুৰ সু-স্বাস্থ্য সুৰক্ষিত কৰা আৰু চৰকাৰীভাৱে উপলব্ধ বিনামূলীয়া পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা হয়।দিৱসটোৰ জিলা পৰ্যায়ৰ মূল অনুষ্ঠানটি সৰুপথাৰ সম-জিলা অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মহকুমা চিকিৎসা বিষয়া (মুখ্য কাৰ্যালয়), চিকিৎসালয়ৰ উপ-অধীক্ষক, জ্যেষ্ঠ চিকিৎসা বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ (NHM) আঁচনি প্ৰবন্ধন গোটৰ বিষয়াবৰ্গ, সামূহিক স্বাস্থ্য বিষয়া, এ.এন.এম., আশা পৰ্যবেক্ষক, আশা কৰ্মী, হিতাধিকাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে। জিলা পৰ্যায়ৰ এই সভাত জ্যেষ্ঠ চিকিৎসকসকলে জনসংখ্যা নিয়ন্ত্ৰণৰ তাৎপৰ্য্য বাখ্যা কৰাৰ লগতে চৰকাৰী খণ্ডত উপলব্ধ গুণগত পৰিয়াল পৰিকল্পনা সেৱাৰ সুফলাফল আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।জিলা পৰ্যায়ৰ মূল কাৰ্যসূচীৰ সমান্তৰালভাৱে গোলাঘাট জিলাৰ সকলো স্বাস্থ্য খণ্ডৰ স্বাস্থ্য কেন্দ্ৰসমূহতো স্থানীয়ভাৱে সজাগতা সভা অনুষ্ঠিত হয়।
যিবোৰত যোগ্য দম্পতী, হিতাধিকাৰীৰ উপৰিও গাঁও প্ৰধান, চাহ বাগিচাৰ জনকল্যাণ বিষয়া, স্বাস্থ্য সহায়ক, লাইন চৰ্দাৰ আৰু স্থানীয় সচেতন নাগৰিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। একোখন সুখী পৰিয়ালৰ ভেটি স্থাপনৰ বাবে পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত যোগ্য দম্পতীয়ে লোৱা সিদ্ধান্তক যাতে পৰিয়ালৰ আন সদস্যসকলেও পূৰ্ণ সমৰ্থন আগবঢ়ায়, সেই সন্দৰ্ভতো এই সভাসমূহত বিশদভাৱে আলোচনা কৰা হয়।



