কাৰ্বি আংলংৰ বিশিষ্ট সমাজসেৱক তথা শিক্ষক বিক্ৰম কুমাৰ চন্দক ‘জিলিকনি সমাজ প্ৰেমী সন্মান – ২০২৬

হাওৰাঘাট, ১৯ জুলাইঃ কাৰ্বি আংলং জিলাৰ বিশিষ্ট সমাজসেৱক তথা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতি সহকাৰী শিক্ষক বিক্ৰম কুমাৰ চন্দক চলিত বৰ্ষৰ মৰ্যাদাপূৰ্ণ ‘জিলিকনি সমাজ প্ৰেমী সন্মান-২০২৬’ প্ৰদান কৰা হৈছে। সাহিত্য-সাংস্কৃতিক অনুষ্ঠান ‘জিলিকনি সাহিত্য মঞ্চ’ৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত তেওঁক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়।

‘প্ৰজ্ঞাৰ সাধনাৰে জিলিকাব খোজো লুইতৰ দুই পাৰ’ মূল মন্ত্ৰৰে দীক্ষিত সাহিত্য মঞ্চৰ এই বৰ্ষীয় অধিৱেশনখনি আজি গোলাঘাটৰ ঐতিহ্যমণ্ডিত তুলেশ্বৰীবৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অতি সফলতাৰে অনুষ্ঠিত হৈ যায়। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য আৰু নিঃস্বাৰ্থ সেৱাৰ স্বীকৃতিস্বৰূপে বিক্ৰম কুমাৰ চন্দক এই বঁটাৰে বিভূষিত কৰা হৈছে। উল্লেখ্য যে, শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত থাকিও চন্দই হাওৰাঘাট অঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক তথা জনকল্যাণমূলক কাম-কাজৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আহিছে।

ইয়াৰ পূৰ্বেও তেওঁ সমাজসেৱাৰ বাবে ‘দিগদৰ্শন’ আৰু ‘দৈনিক সংবাদ গোষ্ঠী’ৰ পৰা ‘মানৱ দৰদী বঁটা’কে ধৰি কেইবাটাও সন্মান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল।শেহতীয়াকৈ তেওঁ কাৰ্বি আংলংৰ যুৱ সাংবাদিক তথা উদীয়মান কবি খগেশ্বৰ দাসৰ “মোৰ কবিতাই এদিন আকাশ চুব” নামৰ কাব্যগ্ৰন্থখনিৰ মুখ্য প্ৰকাশক হিচাপে দায়িত্ব পালন কৰি সাহিত্যৰ প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ইয়াৰ উপৰি, দৰিদ্ৰ আৰু আৰ্ত শিক্ষাৰ্থীক সদায় সহায়ৰ হাত আগবঢ়াই অহা চন্দৰ এই সন্মানে সমগ্ৰ কাৰ্বি আংলং তথা হাওৰাঘাট অঞ্চললৈ আনন্দৰ জোৱাৰ আনিছে। অঞ্চলটোৰ বুদ্ধিজীবী মহলে তেওঁৰ এই প্ৰাপ্তিত গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে কৃতি শিক্ষকগৰাকীক উষ্ম অভিনন্দন জ্ঞাপন কৰিছে।

Hot this week

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

spot_img

Related Articles

Popular Categories