● ডিব্ৰুগড়: যাজপুৰ জিলাৰ দশৰথপুৰ ব্লকৰ অন্তৰ্গত বাবুলপুৰত অৱস্থিত এখন আন্তঃৰাষ্ট্ৰীয় ৰাজহুৱা সংস্থা ‘চিন্ময় ফাউণ্ডেশ্যন’ – ২০২০ চনৰ ২২ মাৰ্চৰ পৰা একেৰাহে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ সেৱাত নিজক উৎসৰ্গা কৰি মানৱতাৰ সেৱা আগবঢ়াই আহিছে। ফাউণ্ডেশ্যনৰ “মিছন অমৃত হস্তম” কাৰ্যসূচীৰ অধীনত বিগত এসপ্তাহ ধৰি অসমৰ বানপীড়িত ৰাইজক বিশেষ সাহায্য প্ৰদান কৰা হৈছে। ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা আন্তঃৰাষ্ট্ৰীয় সভাপতি ড° চিন্ময় দাসৰ নিৰ্দেশ মৰ্মে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰদূত শ্ৰীমতী ৰাজশ্ৰী সেনাপতি গগৈৰ নেতৃত্বত বহু স্বেচ্ছাসেৱকৰ সৈতে অসমত এই সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাষ্ট্ৰদূত ৰাজশ্ৰী সেনাপতি গগৈৰ লগতে মামণি শৰ্মা, মিতু গোস্বামী, পাৰ্থ প্ৰতিম গগৈ, প্ৰদীপ গগৈ, বিপ্লৱ দাস, অভিনীত ৰাজ গগৈ, আৰু বিপ্লৱী ধাদুমিয়া দাস আদিকে কৰি মুখ্য সদস্যসকল মৌচুমি কোঁৱৰ, ময়ূৰী বৰুৱা আৰু আন বহুতো শুভাকাংক্ষীৰ বলিষ্ঠ সমৰ্থনত এই সাহায্য অভিযান সক্ৰিয়ভাৱে চলাই নিছে।

ড° চিন্ময় দাসে কয় যে লোকসকল বানপানীৰ পৰা সম্পূৰ্ণৰূপে উদ্ধাৰ নোহোৱালৈকে আৰু জীৱন যাত্ৰা স্বাভাৱিক হৈ নপৰালৈকে এই সাহায্য কাৰ্যসূচী অব্যাহত থাকিব।
২০২৬ চনৰ ২৮ জুলাইত শিৱসাগৰৰ বানপীড়িত সকলৰ বাবে চিন্ময় ফাউণ্ডেশ্যন অসমে আয়োজন কৰা সাহায্য কাৰ্যসূচীয়ে ৰাষ্ট্ৰদূত ৰাজশ্ৰী সেনাপতি গগৈৰ নেতৃত্বত এক আশাৰ ৰেঙণি কঢ়িয়াই আনে। ভয়ংকৰ বানপানীত সপোনবোৰ উটি গৈছিল আৰু শিৱসাগৰৰ লোকসকলে জীয়াই থকাৰ বাবে খাদ্য আৰু বস্ত্ৰৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়তে চিন্ময় ফাউণ্ডেশ্যন অসমে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। ব্ৰহ্মপুত্ৰ আৰু দিখৌ নদীৰ উপচি পৰা পানীয়ে পথাৰ, ঘৰ-দুৱাৰ আৰু ভেটি প্লাবিত কৰিলে। এফালে যন্ত্ৰণাদায়ক হৃদয়ৰ বিষাদ আৰু আনফালে অনিশ্চিত ভৱিষ্যতৰ মাজতে, চিন্ময় ফাউণ্ডেশ্যন অসমে শিৱসাগৰ জিলাৰ দিখৌ মুখ, বেটবাৰী, জয়সাগৰ, হাতীগুলি আৰু কাকতিবাৰি অঞ্চলৰ এই কঠিন তথা কৰুণ সময়ত বানপীড়িত ৰাইজৰ কাষত আশাৰ বন্তি হৈ থিয় দিছে।

তেওঁলোকৰ এই সাহায্য আৰু সহায় সঁচাকৈয়ে প্ৰশংসনীয়। দুৰ্যোগৰ অন্ধকাৰৰ মাজেৰে মানৱতাৰ পোহৰ কঢ়িয়াই অনা চিন্ময় ফাউণ্ডেশ্যন অসমৰ এই নিষ্ঠাবান প্ৰচেষ্টা অত্যন্ত প্ৰশংসাৰ যোগ্য।



