ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়। ২১ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত ৩২ জন ভাৰতীয় পৰ্যটকৰ লগতে ৪ জন চালক আছিল।

হ’ন মে ৰুট নাগই দ্বীপৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্বত নাওখন লুটি খাই যোৱাৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। হু চি মিন মহানগৰত ঘটনা সম্পর্কে তথ্য আৰু ভুক্তভোগী লোকৰ পৰিয়ালবৰ্গক সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ বাবে এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। মন্ত্ৰালয়ে প্রকাশ কৰা হেল্পলাইন নম্বৰকেইটা হৈছে +84-362817930, +84-915523714 আৰু +84-334520414

Hot this week

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...
spot_img

Related Articles

Popular Categories